অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 8:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এই লোকসকলে পুৰোহিত আৰু লেবীয়াসকলক বা ভঁড়াল ঘৰৰ বিষয়ত ৰজাই দিয়া আজ্ঞাৰ পৰা কেতিয়াও বিপথে যোৱা নাছিল।

অধ্যায়টো চাওক



2 বংশা 8:15
7 পৰস্পৰ সংযোগসমূহ  

এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।


তেওঁলোকৰ কিছুমান লোকক আহিলাপাতি, পবিত্ৰ স্থানৰ সকলো পাত্ৰ, মিহি আটাগুড়ি, দ্ৰাক্ষাৰস, তেল, ধূপ, আৰু মচলা আদি সকলো বস্তু তত্বাৱধান কৰিবলৈও নিযুক্ত কৰা হৈছিল।


তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।


তেওঁ পিতৃ ৰজা দায়ূদৰ নিৰ্দেশ অনুসৰণ কৰিলে, চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবীয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে।


এই দৰে যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দিনৰ পৰা তাক নিৰ্ম্মাণ কৰি শেষ কৰালৈকে চলোমনৰ সকলো কাৰ্য নিয়মিতৰূপে চলিল। এইদৰে যিহোৱাৰ গৃহ সম্পূৰ্ণকৈ সমাপ্ত কৰা হ’ল আৰু কার্যত লগোৱা হ’ল।