আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য কৰিলে?’
2 বংশা 36:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে। |
আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য কৰিলে?’
“যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
তেনেহ’লে, মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম; আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা এই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম।
তেতিয়া তেওঁলোকে মোক ক’লে, “বন্দীত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে। কিয়নো যিৰূচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে।”
মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।
সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে; তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।
মই তাৰ জাৱৰবোৰ তাতে ৰাখিম; আৰু ইয়াক কলম দিয়া নহ’ব, বা কোৰ মৰাও নহ’ব। কিন্তু তাত কাঁইট গছ আৰু কাঁইটিয়া বন গজি উঠিব, আৰু মই মেঘক ইয়াৰ ওপৰত বৰষুণ নিদিবলৈ আজ্ঞা দিম।
কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”
যিহোৱাই কৈছে, মই তোমালোকৰ কৰ্মফল অনুসাৰে তোমালোকক দণ্ড দিম। “মই যিৰূচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।”
আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।
এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!” এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।
সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।
এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।
কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”
“এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”