অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 31:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু হাৰোণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক, আৰু লেবীয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে।

অধ্যায়টো চাওক



2 বংশা 31:19
8 পৰস্পৰ সংযোগসমূহ  

তলত উল্লেখিত ঠাইসমূহ হাৰোণৰ বংশধৰ সকললৈ নিৰ্ধাৰণ কৰা হৈছিল। কহাতীয়া গোষ্ঠীসকলৰ বাবে। চিঠি খেলৰ যোগেদি তেওঁলোকৰ বাবে প্ৰথম ঠাই নিৰ্ধাৰণ কৰা:


বিন্যামীন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমৎ, আৰু চৰণীয়া ঠায়ে সৈতে অনাথোৎ দিয়া হ’ল। কহাতীয়া গোষ্ঠীৰ লোকসকলে সৰ্ব্বমুঠ তেৰখন নগৰ পাইছিল।


পাছত অধ্যক্ষসকলৰ দ্ৱাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল, সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্যৰ বস্তুবোৰ ল’লে, পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে৷ তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে৷ তেওঁলোকক ভোজন পান কৰালে৷ তেওঁলোকৰ আঘাত পোৱা ঘা-বোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুর্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে৷ পাছত সেই লোকসকলক যিৰীহো নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকে লৈ গ’ল৷ এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়৷ তাৰ পাছত তেওঁলোক চমৰিয়ালৈ ঘূৰি আহিল।


আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।


তথাপি লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা নগৰৰ ঘৰবোৰ লেবীয়াসকলে যি কোনো সময়ত মুকলি কৰিব পাৰিব।


কিন্তু তেওঁলোকৰ নগৰৰ চাৰিওফালে থকা চৰণীয়া পথাৰ বেচা নহ’ব; কিয়নো সেয়ে তেওঁলোকৰ চিৰকলীয়া উত্তৰাধীকাৰ।