অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 31:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।

অধ্যায়টো চাওক



2 বংশা 31:17
14 পৰস্পৰ সংযোগসমূহ  

এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।


কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।


লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।


আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।


আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।


যিসকল তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দন, আৰু ইম্মেৰ এৰি আহিছিল, কিন্তু তেওঁলোক যিৰূচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ’ল:


“তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তান সকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।”


আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মুচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ।


ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীবোৰৰ শ্ৰেণীত, এই লোকসকল অন্তৰ্ভুক্ত হ’ব লাগিব।


গেৰ্চোনৰ সন্তান সকলৰ মাজত, যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,


আৰু মৰাৰীৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল,


নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ অধ্যক্ষ সকলে গণনা কৰা, লেবীয়া লোকসকলৰ যিমান লোকক গণনা কৰা হ’ল,


“লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব।