অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 29:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ।

অধ্যায়টো চাওক



2 বংশা 29:18
6 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধিয়া বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধিয়া বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।


এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত যিহোৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল৷ তেওঁলোকে আঠ দিনৰ ভিতৰত যিহোৱাৰ গৃহ পবিত্ৰ কৰিছিল; আৰু প্ৰথম মাহৰ ষোল্ল দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল।


তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।”


তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।


কেনেকৈ, তেওঁ ঈশ্বৰৰ গৃহত সোমাই উৎসর্গৰ পিঠা খাইছিল; সেই দর্শন পিঠা বিধানৰ মতে তেওঁ আৰু তেওঁৰ লগত থকা সকলে অৱশ্যেই খোৱা উচিত নাছিল৷ সেই পিঠা কেৱল পুৰোহিত সকলেহে খাব পাৰে।