অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 24:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

প্ৰায় এবছৰৰ মুৰত অৰামৰ সৈন্য-সামন্ত যোৱাচৰ বিৰুদ্ধে উঠিল৷ তেওঁলোকে যিহূদা আৰু যিৰূচালেমলৈ আহি লোকসকলৰ মাজৰ সকলো অধ্যক্ষক বিনষ্ট কৰিলে আৰু তেওঁলোকৰ আটাই লুটদ্ৰব্য দম্মেচকৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।

অধ্যায়টো চাওক



2 বংশা 24:23
9 পৰস্পৰ সংযোগসমূহ  

পাছে দম্মেচকৰ অৰামীয়াসকলে চোবাৰ হদদেজৰ ৰজাক সহায় কৰিবলৈ আহোতে, দায়ূদে সেই অৰামীয়াসকলৰ মাজৰ বাইশ হাজাৰ লোকক বধ কৰিলে।


তাৰ পাছত সেই ভাববাদীয়ে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে বোলে, “তুমি গৈ নিজকে বলবান কৰা আৰু তুমি সাৱধান হৈ নিজে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা, কিয়নো বছৰ ঘূৰি অহাৰ সময়ত অৰামৰ ৰজাই তোমাৰ বিৰুদ্ধে পুনৰায় আহিব।”


পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।


সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।