তাতে আটাই অধ্যক্ষসকলে আৰু সকলো প্ৰজাই আনন্দেৰে তাক আনি, কাৰ্য শেষ নোহোৱালৈকে চন্দুকত দি থাকিল।
2 বংশা 24:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু লেবীয়াসকলৰ হতুৱাই চন্দুকটো ৰজাৰ নিযুক্ত লোকসকলৰ ওচৰলৈ নিয়া সময়ত যেতিয়াই তাৰ ভিতৰত অনেক ৰূপ দেখে, ৰাজলিখকে আৰু প্ৰধান পুৰোহিতৰ নিযুক্ত এজন লোকে আহি চন্দুকটো অজৰাই তাক খালি কৰি, পুনৰাই দাঙি নি তাৰ নিজ ঠাইত ৰাখেগৈ; দিনে দিনে এইদৰে কৰি তেওঁলোকে অনেক ৰূপ গোটালে। |
তাতে আটাই অধ্যক্ষসকলে আৰু সকলো প্ৰজাই আনন্দেৰে তাক আনি, কাৰ্য শেষ নোহোৱালৈকে চন্দুকত দি থাকিল।
পাছত ৰজা আৰু যিহোয়াদাই যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা লোকসকলক সেই ৰূপ দিলে৷ তেওঁলোক যিহোৱাৰ গৃহ আগৰ দৰে কৰি ৰাখিবৰ বাবে ভাড়া কৰি অনা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আৰু যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে লোহাৰ আৰু পিতলৰ কাম কৰোঁতাসকল আছিল।
সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷