সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
2 বংশা 20:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বিশেষকৈ তেওঁ সাগৰলৈ যাবৰ কাৰণে জাহাজ সজাৰ অৰ্থে, তেওঁৰ লগত যোগ দিলে৷ তেওঁলোকে ইচিয়োন-গেবৰত কেইবাখনো জাহাজ সাজিলে। |
সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।
তেতিয়া মাৰেচাৰ দোদাবাহুৰ পুত্ৰ ইলীয়েজৰে যিহোচাফটৰ বিৰুদ্ধে এই ভাববাণী প্ৰচাৰ কৰিলে; তেওঁ ক’লে, “কিয়নো তুমি অহজিয়াৰ লগত যোগ দিলা, এই কাৰণে যিহোৱাই তোমাৰ কাৰ্যবোৰ ধংস কৰিলে।” তাতে সেই জাহাজবোৰ ভগ্ন হ’ল যাতে তেওঁলোক অন্য দেশলৈ যাব নোৱাৰে।
কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।