2 বংশা 2:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ সেইসকলৰ মাজত বোজা ববলৈ সত্তৰ হাজাৰ আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোক নিয়োগ কৰিলে আৰু এই লোকসকলক কামত থাকোতে তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে। |
তেওঁ বোজা ববৰ বাবে সত্তৰ হাজাৰ লোক আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোকক নিয়োগ কৰিলে আৰু তেওঁলোকৰ কাম তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।
এতেকে অধ্যক্ষসকলে তেওঁলোকৰ লোকসকলক ক’লে, “তেওঁলোক জীয়াই থাকক।” তেতিয়া তেওঁলোকক অধ্যক্ষসকলে কোৱা বাক্য অনুসাৰে গিবিয়োনসকলে ইস্ৰায়েলী লোকসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’ল।