তেতিয়া তেওঁ যিহোচাফটক ক’লে, “আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাব নে?” তেতিয়া যিহোচাফটে ইস্ৰায়েলৰ ৰজাক ক’লে, “আপুনি যেনে, মইয়ো তেনে; মোৰ প্ৰজা যেনে, আপোনাৰ প্ৰজাও তেনে আৰু মোৰ ঘোঁৰাবোৰ যেনে, আপোনাৰ ঘোঁৰাবোৰো তেনে।”
2 বংশা 18:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইস্ৰায়েলৰ আহাব ৰজাই যিহূদাৰ ৰজা যিহোচাফটক ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ মোৰ লগত যাব নে?” তাতে যিহোচাফতে উত্তৰ দি ক’লে, “আপুনি যেনে ময়ো তেনে আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে; সেই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম।” |
তেতিয়া তেওঁ যিহোচাফটক ক’লে, “আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাব নে?” তেতিয়া যিহোচাফটে ইস্ৰায়েলৰ ৰজাক ক’লে, “আপুনি যেনে, মইয়ো তেনে; মোৰ প্ৰজা যেনে, আপোনাৰ প্ৰজাও তেনে আৰু মোৰ ঘোঁৰাবোৰ যেনে, আপোনাৰ ঘোঁৰাবোৰো তেনে।”
ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,
যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, “মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?” যিহোচাফটে ক’লে, “মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।”
কেইবছৰ মানৰ পাছত তেওঁ চমৰিয়ালৈ আহাবৰ ওচৰলৈ নামি গ’ল৷ আহাবে তেওঁৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে অনেক ভেড়া, ছাগলী আৰু গৰু মাৰিলে৷ আনকি আহাবে তেওঁৰ লগত ৰামোৎ-গিলিয়দ আটক কৰিবলৈ তেওঁক ৰাজী কৰালে।
যিহোচাফটে ইস্ৰায়েল ৰজাৰ আগত পুনৰ ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে তেওঁক সোধক৷”
তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?