2 বংশা 18:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।” |
মোৰ প্রজাসকলৰ সকলো পাপীলোকে কয়, “অমঙ্গলে আমাক ঢুকি নাপাব নাইবা আমাৰ ওচৰলৈ নাহিব; তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ’ব।
হে লোকসকল, সকলোৱে শুনক। হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে - “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক।