অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 18:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে।

অধ্যায়টো চাওক



2 বংশা 18:22
18 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গল হে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই?”


তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’


তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে; কিন্তু মই তেওঁক ঘিণ কৰোঁ কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমঙ্গলহে প্ৰচাৰ কৰে; তেওঁ যিম্লাৰ পুত্ৰ মীখায়া।” তেতিয়া যিহোচাফতে ক’লে, “মহাৰাজে যেন তেনে কথা নকওঁক।”


তেতিয়া ইস্ৰায়েলৰ ৰজা যোৱাচে যিহূদাৰ ৰজা অমচিয়াৰ ওচৰলৈ মানুহ পঠিয়ালে, আৰু ক’লে, “লিবানোনত থকা কাঁইটৰ গছ এজোপাই লিবানোনত থকা এৰচ গছজোপালৈ কৈ পঠিয়াইছে, বোলে, ‘তোমাৰ জীয়েৰাক পত্নীৰূপে মোৰ পুত্ৰক দিয়া,’ কিন্তু লিবানোনত থকা এটা বনৰীয়া জন্তুৱে সেই ফালে ফুৰি, সেই কাঁইটৰ গছজোপাক মোহাৰি পেলালে।


পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।


যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।


যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,


দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।


এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা ওলটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা।”


যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।


সেই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমঙ্গলৰ সময়।