2 বংশা 11:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মহলতৰ পাছত তেওঁ অবচালোমৰ জীয়েক মাখাক বিয়া কৰিলে; এই মহিলা মাথাই তেওঁলৈ অবিয়া, অত্তয়, জীজা আৰু চলোমীতক প্ৰসৱ কৰিলে। |
ৰহবিয়ামে তেওঁৰ সকলো পত্নী আৰু উপপত্নীৰ মাজত অবচালোমৰ জীয়েক মাখাক সকলোতকৈ ভাল পাইছিল কিয়নো তেওঁৰ ওঠৰ গৰাকী পত্নী আৰু ষাঠী গৰাকী উপপত্নী গ্ৰহণ কৰিছিল; আৰু আঠাইশজন পুতেক আৰু ষাঠিজন জীয়েকৰ পিতৃ হৈছিল৷
পাছত ৰহবিয়ামে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ অবিয়া তেওঁৰ পদত ৰজা হ’ল।
তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম মীখায়া আছিল৷ তেখেত গিবিয়া নিবাসী উৰিয়েলৰ জীয়েক আছিল। সেই সময়ত অবিয়া আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।