2 পিতৰ 3:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা। |
কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷
হে প্ৰিয় সকল, মই আপোনালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ;