2 থিচলনীকীয়া 2:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে। |
মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা! তোমাৰ সময় প্ৰেমৰ সময়; এই কাৰণে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ” আৰু প্ৰভু যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, “তাতে তুমি মোৰ থ’লো।
সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷
আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে শুচি কৰিলে।
কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।
সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ,
সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল।
হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।
বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”
সেইদৰে আপোনালোকৰ কাৰণেও আশা-ধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে৷ আপোনালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য প্ৰথমে শুনিলে;
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
যিজন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন-যাপন কৰে।
কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;
বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।
এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক;
কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল;
তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুনহবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।
আৰু যি পবিত্ৰ বিধান-শাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্রাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা।
ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।