অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 চমূ 8:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত দায়ূদে হদদেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে,

অধ্যায়টো চাওক



2 চমূ 8:9
6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্‌দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷


এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগৰ গোটেই ইস্ৰায়েলে হমাতৰ প্ৰবেশ স্থানৰ পৰা মিচৰ-জুৰিলৈকে মহা সমাজ হৈ, সাত দিন আৰু সাত দিন, মুঠতে চৌদ্ধ দিন আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে উৎসৱ কৰিছিল।


যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।


আৰু মৰুপ্ৰান্তত থকা তদ্মোৰ নগৰ আৰু হমাতত যি যি ভঁৰাল থকা নগৰ আছিল, সেইবোৰ তেওঁ নিৰ্মাণ কৰিলে৷


তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টীয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা, সেইবোৰৰ সীমাতকৈ ডাঙৰ নে?


পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।