তেতিয়া চলোমন ৰজাৰ সৈতে ইস্ৰায়েলৰ গোটেই লোক সকলে নিয়ম-চন্দুকৰ আগত অসংখ্য ভেড়া আৰু গৰু আদি বলিদান কৰিছিল।
2 চমূ 6:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে। |
তেতিয়া চলোমন ৰজাৰ সৈতে ইস্ৰায়েলৰ গোটেই লোক সকলে নিয়ম-চন্দুকৰ আগত অসংখ্য ভেড়া আৰু গৰু আদি বলিদান কৰিছিল।
যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”
তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল।
ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তান সকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তান সকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল।
কিন্তু কহাতৰ সন্তান সকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰ হে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয়া বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া।
পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।