2 চমূ 6:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে। |
পাছত চলোমনে দায়ূদৰ নগৰ অৰ্থাৎ চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ কাৰণে, ইস্ৰায়েলৰ পৰিচাৰকসকলক আৰু ফৈদৰ প্ৰধান লোকসকলক, ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ বিষয়াসকলক যিৰূচালেমলৈ আহ্বান কৰিলে, আৰু তেওঁৰ সন্মুখত গোট খুৱালে।
তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তুবোৰ আনিলে৷ এই সকলো বস্তু পুৰোহিত আৰু লেবীয়াসকলে আনিলে।
যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
সেয়ে দায়ুদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল।
ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল,
ষষ্ঠ অম্মীয়েল, সপ্তম ইচাখৰ, আৰু অষ্টম পিয়ুলতয়, কাৰণ ঈশ্বৰে ওবেদ-ইদোমক আশীৰ্ব্বাদ কৰিছিল।
তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।
যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।