তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।
2 চমূ 5:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যেতিয়া সেই নুনি গছ কেইজোপাৰ মাজেৰে সৈন্য যোৱাৰ নিছিনা শব্দ শুনিবা, তেতিয়া সৈন্য-সামন্তৰে সৈতে আক্ৰমণ কৰিবা৷ কিয়নো তেতিয়াই যিহোৱাই পলেষ্টীয়াসকলৰ সৈন্য-সামন্তক আক্রমণ কৰিবৰ অৰ্থে তোমাৰ আগতেই গ’ল, গতিকে তুমি এইদৰেই কৰা৷” |
তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।
কিয়নো তেতিয়া অৰামীয়া সৈন্যসকলক যিহোৱাই অনেক ৰথ, ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল আৰু সেয়ে, অৰামীয়া সৈন্যসকলৰ এজনে আন জনক ক’বলৈ ধৰিলে, “চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইস্ৰায়েলৰ ৰজাই হিত্তীয়া আৰু মিচৰীয় ৰজাসকলক পইচা দি আনিছে।”
যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব।
তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল।
গিদিয়োনে যেতিয়া সেই সপোন আৰু তাৰ অৰ্থৰ কথা শুনিলে, প্রার্থনাত তেওঁৰ মূৰ দোঁ খালে। তাৰ পাছত তেওঁ ইস্ৰায়েলৰ ছাউনিলৈ উলটি আহি ক’লে, “উঠা! যিহোৱাই আপোনালোকৰ হাতত মিদিয়নীয়া সৈন্যক শোধাই দিছে।”