যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”
2 চমূ 3:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত দায়ূদৰ সৈন্যসকল আৰু যোৱাবে কোনো ঠাইত লুটকৰি উভটি অহিছিল আৰু তেওঁলোকে লগত বহুত লুট দ্ৰব্য আনিছিল৷ তেতিয়া অবনেৰ দায়ূদৰ লগত হিব্ৰোণত নাছিল৷ কিয়নো দায়ূদে তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে। |
যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”
চৌলৰ পুত্ৰৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল৷ এজনৰ নাম বানা আৰু আন জনৰ নাম ৰেখব; তেওঁলোক বিন্যামীনৰ বংশৰ বেৰোতীয়া ৰিম্মোনৰ পুত্ৰ; কিয়নো বেৰোতা বিন্যামীনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল
সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।