তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
2 চমূ 3:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অবনেৰে দায়ূদৰ ওচৰত বাখ্যা কৰি ক’লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইস্ৰায়েলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰে সৈতে এটি চুক্তি কৰিব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত দায়ূদে অবনেৰক বিদাই দিয়াত, তেওঁ শান্তিৰে প্ৰস্থান কৰিলে। |
তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”
পাছত অবনেৰে দায়ূদৰ ওচৰলৈ তেওঁৰ পক্ষ হৈ কবলৈ দূতবোৰ পঠিয়াই দি কোৱালে বোলে, “এই দেশ কাৰ? আপুনি যদি মোৰ লগত এটি চুক্তি কৰে, তেন্তে চাওঁক মই গোটেই ইস্ৰায়েলক আপোনাৰ ফাললৈ নিবলৈ আপোনাৰ সহায় হম।”
এইদৰে দায়ূদক দেখা কৰিবলৈ অবনেৰে তেওঁৰ বিশজন লোকক নিজৰ লগত লৈ হিব্ৰোণলৈ আহিল। তাতে দায়ূদে অবনেৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে ভোজ পাতিলে।
এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ুদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইস্ৰায়েলৰ ৰজা হ’বা।