দায়ূদৰ আগত যিহোৱাই খোৱা শপতৰ দৰে যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহলে অবনেৰক তাতকৈয়ো অধিক দণ্ড দিয়ক,
2 চমূ 3:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।” |
দায়ূদৰ আগত যিহোৱাই খোৱা শপতৰ দৰে যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহলে অবনেৰক তাতকৈয়ো অধিক দণ্ড দিয়ক,
তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।
কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ’ব। যিহোৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্ত কৰিব কাৰণ যিহোৱাই তোমাক যি আজ্ঞা কৰিছিল, তুমি সেয়া পালন নকৰিলা।”
চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।
যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”
“কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”