অহোহীয়া চলমোন, নটোফাতীয়া মহৰয়;
পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিছে বুলি যিহূদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইশ্মায়েল, কাৰেহৰ পুত্ৰ যোহানন, নটোফাতীয়া তনহূমতৰ পুত্ৰ চৰায়া, মাখাথীয়াৰ পুত্ৰ যাজনিয়া আৰু তেওঁলোকৰ লোকসকল মিস্পাত গদলিয়াৰ ওচৰলৈ আহিল।
নটোফাতীয়া মহৰয়, নটোফাতীয়া বানাৰ পুত্ৰ হেলদ,
জেৰহৰ বংশৰ গোষ্ঠীৰ নটোফাতীয়া নগৰৰ পৰা মহৰয় দশম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
অবীচূৱা, নামন, অহোহ,
নটোফাৰ লোকসকলৰ সংখ্যা: ছাপন্ন জন।
বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।