কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।
2 চমূ 22:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা। |
কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।
যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।”
যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।