পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক’লে, “যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পো-জী সকলৰ প্ৰাণ আপোনাৰ ভাৰ্য্যাসকলৰ আৰু উপপত্নী সকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাসবোৰক লাজত পেলালে,
2 চমূ 19:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো আপোনাক ঘিণাওঁতা সকলক আপুনি প্ৰেম কৰে আৰু আপোনাক প্ৰেম কৰোঁতা সকলক আপুনি ঘিণ কৰে৷ কিয়নো আজি আপুনি প্ৰকাশ কৰিলে, যে, অধ্যক্ষ আৰু দাসবোৰ আপোনাৰ আগত একোৱেই নহয়৷ কাৰণ আজি মোৰ এনে বিশ্বাস হৈছে, যে, যদি অবচালোম জীয়াই থাকিলহেঁতেন আৰু আমি সকলোৱে মৰিলোঁহেঁতেন, তেতিয়া বোধহয় আপুনি ভাল পালেহেঁতেন। |
পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক’লে, “যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পো-জী সকলৰ প্ৰাণ আপোনাৰ ভাৰ্য্যাসকলৰ আৰু উপপত্নী সকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাসবোৰক লাজত পেলালে,
এই হেতুকে এতিয়া আপুনি উঠি বাহিৰলৈ গৈ, আপোনাৰ সৈন্যসকলক শান্ত্বনাৰ কথা কওঁক, কিয়নো মই যিহোৱাৰ নামেৰে শপত খাই কৈছোঁ, যদি আপুনি বাহিৰলৈ গৈ তেওঁলোকক নকয়, তেন্তে এই ৰাতি আপোনাৰ লগত আৰু এজনো লোক নাথাকিব৷ আৰু আপোনাৰ যৌৱন কালৰে পৰা এতিয়ালৈকে আপোনালৈ যিমান অমঙ্গল ঘটিছে, সেই আটাইবোৰতকৈ আপোনাৰ এই অমঙ্গল অতি গুৰুতৰ হ’ব।”
ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?
পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”