অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 চমূ 17:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া অহীথোফলৰ এই কথাত অবচালোম আৰু ইস্ৰায়েলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে।

অধ্যায়টো চাওক



2 চমূ 17:4
8 পৰস্পৰ সংযোগসমূহ  

এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম যি দৰে এজনী কন্যা তেওঁৰ স্ৱামীৰ ওচৰলৈ আহে৷ তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব।”


তেতিয়া অবচালোমে ক’লে, “এতিয়া অৰ্কীয়া হূচয়ক মাতা আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো।”


এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।


তেতিয়া এই কথাত ৰজা আৰু প্রধান লোকসকল সন্তুষ্ট হ’ল; আৰু ৰজাই মমুকণে দিয়া প্রস্তাৱৰ দৰেই কৰিলে।


পাছত তেওঁৰ ভাৰ্যা জেৰচ আৰু তেওঁৰ বন্ধু সকলে তেওঁক ক’লে, “পঞ্চাশ হাত দীঘল এডাল ফাঁচি-কাঠ যুগুত কৰক; যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মৰ্দখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব।” তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ’ল আৰু তেওঁ ফাঁচি-কাঠ নিৰ্মাণ কৰালে।


আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।


চৌলে ক’লে, “তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা। কাৰণ তোমালোকে মোলৈ অনুগ্ৰহ কৰিলা।