অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 চমূ 17:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল।

অধ্যায়টো চাওক



2 চমূ 17:20
9 পৰস্পৰ সংযোগসমূহ  

কিন্তু যদি তুমি নগৰলৈ ঘূৰি গৈ অবচালোমক কোৱা যে ‘হে মহাৰাজ, মই আপোনাৰ দাস হম, আগেয়ে যেনেকৈ আপোনাৰ পিতৃৰ দাস আছিলোঁ, তেনেকৈ আপোনাৰো দাস হম,’ তেন্তে মোৰ বাবে তুমি অহীথোফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিব পাৰিবা।


তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”


তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।


চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।”


দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ।