কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে উত্তৰ দি ক’লে, “সেই বাবেই জানো চিমিয়ীৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ’ব নে? কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত জনক শাও দিছিল।”
2 চমূ 16:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।” |
কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে উত্তৰ দি ক’লে, “সেই বাবেই জানো চিমিয়ীৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ’ব নে? কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত জনক শাও দিছিল।”
তাতে দায়ূদে ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে, যে, আজি তোমালোক মোৰ বিৰোধিতা কৰিছা? আজি ইস্ৰায়েলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ড হোৱা উচিত? কিয়নো আজি যে মই ইস্ৰায়েলৰ ওপৰত ৰজা হলোঁ, ইয়াক জানো মই নাজানো?”
এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।
ঈচ্বোচতৰ এই কথাত অবনেৰে অতিশয় ক্ৰুদ্ধ হৈ ক’লে, “মই জানো যিহূদাৰ ফলীয়া কুকুৰৰ মূৰ? আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁৰ ভাই-বন্ধুসকললৈ দয়া কৰি আছোঁ আৰু তোমাক দায়ূদৰ হাতত শোধাই দিয়া নাই৷ তথাপি তুমি আজি সেই তিৰোতাজনীৰ বিষয়ে মোক দোষী কৰিছা।
তাতে মফীবোচতে প্ৰণিপাত কৰি ক’লে, “আপোনাৰ দাস মইনো কোন, যে মৰা কুকুৰৰ সদৃশ যি মই, মোলৈ আপুনি সু-দৃষ্টি কৰিছে?”
ইয়াকে দেখি যাকোব আৰু যোহন নামৰ এই দুজন শিষ্যই কলে, “হে প্ৰভু, স্বৰ্গৰ পৰা জুই ওলাই আহি সিহঁতক যেন ভস্ম কৰে, আমি এনে আজ্ঞা দিবলৈ আপুনি ইচ্ছা কৰে নে?”
পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
ইস্ৰায়েলৰ ৰজা কাৰ পাছত বাহিৰলৈ ওলাই আহিছে? আপুনি নো কাৰ পাছত খেদি আহিছে? এটা মৰা কুকুৰৰ পাছত! এটা মাখিৰ পাছত!