তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
2 চমূ 16:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’” |
তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।
সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।
কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা, কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা, তুমি কি কৈছা, সেই বিষয়ে সাৱধান হোৱা, এনে কি, যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয়, তেওঁৰ প্রতিও সাৱধান হোৱা;
তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু বেছৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।