তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে, ঈশ্বৰে ইয়াকে মঙ্গলৰ কল্পনা কৰিলে।
2 চমূ 16:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু ৰজাই ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত যিহোৱাই দায়ূদক শাও দে বুলি তাক কৈছে, ‘এনে স্থলত, সি শাও দিয়াত, তই এনে কিয় কৰিছ বুলি কোনে ক’ব’?” |
তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে, ঈশ্বৰে ইয়াকে মঙ্গলৰ কল্পনা কৰিলে।
তাতে দায়ূদে ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে, যে, আজি তোমালোক মোৰ বিৰোধিতা কৰিছা? আজি ইস্ৰায়েলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ড হোৱা উচিত? কিয়নো আজি যে মই ইস্ৰায়েলৰ ওপৰত ৰজা হলোঁ, ইয়াক জানো মই নাজানো?”
পাছত ৰজাই চিমিয়ীক ক’লে, “তোমাৰ প্ৰাণদণ্ড নহ’ব; এই বুলি ৰজাই শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিলে।
অভিষিক্ত ৰজা হ’লেও আজি মই দূৰ্ব্বল৷ এইকেইজনলোক আৰু চৰূয়াৰ পুত্ৰসকল মোৰ বাবে অতি পাষবিক৷ যিহোৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাব লগীয়া উচিত প্ৰতিফল দিয়ক।
তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
চৰূয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু যেথৰৰ পুত্ৰ অমাচা, ইস্ৰায়েলৰ এই দুজন সেনাপতিলৈ যি কৰিলে, সেই বিষয়ে তুমি জানা৷ তেওঁ তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে।
তাৰ উপৰি, মই জানো যিহোৱাৰ অবিহনেই এই ঠাইৰ অহিতে যুজঁ দিবলৈ আৰু তাক বিনষ্ট কৰিবলৈ আহিছোঁ? যিহোৱাই মোক কৈছিল, ‘তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা’।”
চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”
কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
সিহঁতে চিঞৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?”
তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”
হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে?
তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷
এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।