2 চমূ 12:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে, |
তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।
তেতিয়া নাথনে চলোমনৰ মাক বৎচেবাক ক’লে, “আমাৰ প্ৰভু দায়ুদে নজনাকৈ হগ্গীতৰ পুতেক অদোনিয়া যে ৰজা হল, ইয়াক জানো তুমি শুনা নাই?
দায়ুদ ৰজাই গোটেই সমাজক ক’লে, “ঈশ্বৰে মোৰ পুত্ৰ চলোমনক মনোনীত কৰিছে, তাৰ বয়স এতিয়াও ক’ম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ। কাৰণ এই ৰাজপ্রসাদ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মানুহৰ বাবে নহয়।
যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।
ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।
বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”