পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।
2 চমূ 10:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে অম্মোনৰ সন্তান সকলে বাহিৰলৈ আহি নগৰৰ দুৱাৰ মুখত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যৰ বেহু পাতিলে আৰু চোবাৰ ও ৰহোবৰ অৰামীয়া লোকসকল আৰু টোবৰ ও মাখাৰ লোকসকল পৃথকে পৃথকে মুকলি পথাৰত থাকিল। |
পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।
পাছে দায়ূদে সেই সম্বাদ পাই যোৱাবক আৰু পৰাক্ৰমী গোটেই সৈন্যসামন্তক তালৈ পঠিয়াই দিলে।
এইদৰে শাৰীপাতি তেওঁৰ ফালে মুখ কৰি আগফালে আৰু পাছফালে অৰ্থাৎ দুয়োফালে যুদ্ধ হোৱাৰ আশঙ্কা দেখি, যোৱাবে ইস্ৰায়েলৰ আটাই মনোনীতলোকৰ মাজত মানুহ বাচি লৈ, অৰামীয়াসকলৰ বিৰুদ্ধে বেহু পাতিলে;
আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।
তেওঁলোকে বত্ৰিশ হাজাৰ ৰথ, আৰু মাখাৰ ৰজা আৰু তেওঁৰ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত ছাউনি পাতিলে। অম্মোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল।
অম্মোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে, আৰু যি সকল ৰজা নিজে আহিছিল, তেওঁলোক পথাৰত আছিল।
তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।
তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশস্থানলৈকে দেশখন গুপুতে চালে।
আচেৰ বংশয়েও অক্কো, চীদোন, অহলাব, অকজীব, হেলবা, অফীক, আৰু ৰহোবৰ লোক সমূহক বাহিৰ নকৰিলে।
সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।