বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
2 কৰি 9:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷ |
বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
সেই বাবে আমি তীতক উৎসাহিত কৰিলোঁ, কিয়নো যেনেকৈ তেওঁ আগেয়ে আপোনালোকৰ লগত কার্য আৰম্ভ কৰিছিল, তেনেদৰেই আপোনালোকক সেই অনুগ্ৰহতো যেন পৰিপূৰ্ণ কৰে৷
এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷
কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ, সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে।
পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”