তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”
2 কৰি 6:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই পৰিচৰ্যা পদ যেন কলঙ্কিত নহয়, এই কাৰণে আমি কোনো কথাত বিঘিনি নজন্মাও। |
তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”
মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
ইয়াতে যে অকল আমাৰ ব্যৱসায়ৰ অপযশ হোৱাৰ শঙ্কা আছে, এনে নহয়; গোটেই এচিয়া, এনে কি গোটেই জগত খনে পূজা কৰা যি আর্ত্তেমী মহা-দেৱী, তেওঁৰ মন্দিৰক একো যেন গণ্য নকৰাৰ আৰু তেওঁক তেওঁৰ ঐশ্বর্যৰ পৰা আতৰোৱাৰ আশঙ্কা আছে।”
এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷
দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ৷
এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
আৰু আমাৰ দ্বাৰাই সাধিত হ’ব লগা এই মহা-দানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছোঁ;