2 কৰি 10:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো নিজকে নিজে প্ৰশংসা কৰা লোক সকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ; কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সুক্ষ্মদৃষ্টি কৰে৷ |
নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।
আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।
ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰোঁ৷
আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ, উপস্থিত হ’লে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানক।
কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত পৰীক্ষাসিদ্ধ নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে পৰীক্ষাসিদ্ধ।
আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁ নে? নাইবা আপোনালোকলৈ বা আপোনালোকৰ পৰা সুখ্যাতিৰ পত্ৰ পাবলৈ, কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছে নে?
আপোনালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছোঁ, এনে নহয়, কিন্তু যি সকলে হৃদয়ৰ কথাত নহয়, মৌখিক কথাত গৌৰৱ কৰে, তেওঁলোকৰ আগত আপোনালোকে আমাৰ অৰ্থে গৌৰৱ কৰি উত্তৰ দিবলৈহে আপোনালোকক উপায় দিছোঁ।