অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 ৰাজা 8:65 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগৰ গোটেই ইস্ৰায়েলে হমাতৰ প্ৰবেশ স্থানৰ পৰা মিচৰ-জুৰিলৈকে মহা সমাজ হৈ, সাত দিন আৰু সাত দিন, মুঠতে চৌদ্ধ দিন আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে উৎসৱ কৰিছিল।

অধ্যায়টো চাওক



1 ৰাজা 8:65
29 পৰস্পৰ সংযোগসমূহ  

সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।


তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।


চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।


কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷


তাতে এথানী নামেৰে সপ্তম মাহৰ উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোক চলোমন ৰজাৰ ওচৰলৈ আহি একগোট হৈছিল।


পাছত অষ্টম দিনা তেওঁ লোকসকলক বিদায় দিলে আৰু তেওঁলোকে ৰজাক ধন্যবাদ কৰি, যিহোৱাই তেওঁৰ দাস দায়ুদ আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকললৈ কৰা মঙ্গলৰ কাৰণে আনন্দিত আৰু সন্তুষ্ট হৈ নিজ নিজ তম্বুলৈ গুচি গ’ল।


ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।


অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।


ফৰৌণ নখোৱে তেওঁক হমাৎ দেশৰ ৰিব্লাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে, যাতে তেওঁ যিৰূচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰৌণ নখোৱে যিহূদা দেশক প্রায় এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ জৰিমনা দিবলৈ নিৰূপণ কৰিলে।


অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।


সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।


পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।


পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।


মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।


সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।


এয়ে পূৱ ফাল। আৰু দক্ষিণ দিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জল সমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল।


বাহিনীসকলৰ যিহোৱাই কৈছে, “হে ইস্ৰায়েল-বংশ, চোৱা মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম; সেই জাতিয়ে লিবো হমাতৰ পৰা অৰাবাৰ উপত্যকা পর্যন্ত তোমালোকৰ ওপৰত উপদ্রৱ কৰিব।”


তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টীয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা, সেইবোৰৰ সীমাতকৈ ডাঙৰ নে?


পাছত এই সীমা অচমোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰত এই সীমা শেষ হ’ব।


পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।


মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্‌দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷


গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷


দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।


পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷


গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,


সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।