অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 ৰাজা 6:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।

অধ্যায়টো চাওক



1 ৰাজা 6:9
8 পৰস্পৰ সংযোগসমূহ  

তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।


সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।


আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।


মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷


এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।


আৰু ৰজা চলোমনে যিহোৱাৰ বাবে যি যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে, তাৰ ওপৰত বছৰৰ ভিতৰত তিনিবাৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল আৰু তাৰে সৈতে তেওঁ যিহোৱাৰ সন্মুখত থকা বেদীত ধূপ জ্বলাইছিল৷ এইদৰে তেওঁ গৃহটিৰ কাৰ্য সমাপ্ত কৰিছিল।


পাছে তেওঁ আবাসৰ আৰু হোমবেদিৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে।


এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।