ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
1 ৰাজা 6:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চতুৰ্থ বছৰৰ জীব মাহত যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ’ল। |
ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।
চলোমনে যিহোৱাৰ গৃহ, ৰাজ-গৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূর্ণৰূপে সম্পন্ন কৰিলে।
তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় দিনা তেওঁ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
এই দৰে যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দিনৰ পৰা তাক নিৰ্ম্মাণ কৰি শেষ কৰালৈকে চলোমনৰ সকলো কাৰ্য নিয়মিতৰূপে চলিল। এইদৰে যিহোৱাৰ গৃহ সম্পূৰ্ণকৈ সমাপ্ত কৰা হ’ল আৰু কার্যত লগোৱা হ’ল।