তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
1 ৰাজা 21:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হোৱাৰ কথা শুনা মাত্রকে ঈজেবলে আহাবক ক’লে, “উঠা, যিজ্ৰিয়েলীয়া নাবোতে যি দ্ৰাক্ষাবাৰী তোমাক বিক্রী কৰিবলৈ অসন্মত আছিল, তাক অধিকাৰ কৰাগৈ; কিয়নো নাবোত জীয়াই থকা নাই, তেওঁৰ মৃত্যু হ’ল। |
তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
তাৰ পাছত সেই বৃদ্ধ লোকসকলে ঈজেবলৰ ওচৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হ’ল।”
যেতিয়া আহাবে নাবোতৰ মৃত্যু হোৱাৰ কথা শুনিলে তেতিয়া তেওঁ উঠি যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰীখন অধিকাৰ কৰিবলৈ নামি গ’ল।
তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁক ক’লে, “তুমিয়েই জানো এতিয়াও ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ নকৰা? উঠা আৰু ভোজন কৰা; তোমাৰ মন আনন্দিত হওঁক। যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰী মই তোমাৰ কৰিম।”
তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।