অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 ৰাজা 20:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত সেই ভাববাদীয়ে গৈ চকুৰ ওপৰত কাপোৰ বান্ধি নিজকে চিনিব নোৱাৰা কৰি, বাটত ৰজালৈ বাট চাই থাকিল।

অধ্যায়টো চাওক



1 ৰাজা 20:38
6 পৰস্পৰ সংযোগসমূহ  

তকোৱালৈ মানুহ পঠাই, তাৰ পৰা এজনী বুদ্ধিয়ক মহিলা অনাই তাইক ক’লে, “এতিয়া তুমি শোক কৰা ভাও ধৰা, শোক-বস্ত্ৰ পিন্ধা আৰু গাত তেল নঘঁহিবা; কিন্তু মৃতলোকৰ বাবে বহুকাল শোক কৰা মহিলা যেন হোৱা৷


তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।


তেওঁ আৰু এজন লোকক পাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” তাতে সেই মানুহজনে তেওঁক মাৰি তেওঁক আঘাত কৰিলে।


তেতিয়া সেই ভাববাদীজনে বেগাই নিজৰ চকুৰ ওপৰৰ পৰা কাপোৰ গুচালে; তাতে ইস্ৰায়েলৰ ৰজাই, তেওঁ যে ভাববাদীসকলৰ মাজৰ এজন, তাক চিনি পালে।


ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত সোমাম, কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ-বস্ত্ৰ পিন্ধি থাকিব লাগিব।” এনেতে ইস্ৰায়েলৰ ৰজাই আন বেশ ধৰি যুদ্ধত সোমাল।


যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।