তেতিয়া তেওঁ তেওঁক ক’লে, তুমি যিহোৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব; পাছত তেওঁ তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে।
যেতিয়া বৃদ্ধ ভাববাদী জনে তেওঁ বাটৰ পৰা ঘূৰাই অনা ভাববাদীজনৰ সেই বাতৰি শুনিলে, তেওঁ ক’লে, “তেওঁ ঈশ্বৰৰ সেই লোক, যিজনে যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিছিল৷ এই কাৰণে যিহোৱাই তেওঁক কোৱা বাক্য অনুসাৰে তেওঁক সিংহৰ হাতত শোধাই দিলে; তাতে সিংহই তেওঁক আক্ৰমণ কৰি বধ কৰিলে।”
তেওঁ আৰু এজন লোকক পাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” তাতে সেই মানুহজনে তেওঁক মাৰি তেওঁক আঘাত কৰিলে।