পাছত যোৱাব যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এই বুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে৷ তেতিয়া তেওঁ যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই ক’লে, “যোৱা তেওঁক বধ কৰা।”
1 ৰাজা 2:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া বনায়াই যিহোৱাৰ তম্বুলৈ গ’ল, আৰু তেওঁক ক’লে, “ৰজাই কৈছে, ‘তুমি বাহিৰলৈ ওলাই আহাঁ’।” তেতিয়া তেওঁ ক’লে, “নহয়, মই এই ঠাইতে মৰিম।” তেতিয়া বনায়া ৰজাৰ ওচৰলৈ উভতি গ’ল, আৰু তেওঁক ক’লে, “যোৱাবে সেই যজ্ঞবেদীৰ কাষতে মৰিবলৈ বিচাৰিছে৷” |
পাছত যোৱাব যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এই বুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে৷ তেতিয়া তেওঁ যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই ক’লে, “যোৱা তেওঁক বধ কৰা।”
তেতিয়া ৰজাই ক’লে, “তুমি তেওঁৰ কথাৰ দৰেই কাৰ্য কৰা৷ তেওঁক বধ কৰি তেওঁক মৈদাম দিবা; সেইদৰে কৰিলে, যোৱাবে যি নিৰ্দ্দোষীৰ ৰক্তপাত কৰিছিল, সেই ৰক্তপাতৰ দোষ তুমি মোৰ পৰা আৰু মোৰ পিতৃ-বংশৰ পৰা দূৰ কৰিবা।
যিহোয়াদাৰ পুত্ৰ বনায়া এজন বীৰপুৰুষ আছিল, তেওঁ মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুত্রক বধ কৰিছিল। তেওঁ হিম পৰাৰ সময়ত গাতৰ ভিতৰলৈ গৈ এটা সিংহকো বধ কৰিছিল।