তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
1 ৰাজা 17:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল বোলে, |
তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
“তুমি উঠি গৈ চীদোনৰ অধীনত থকা চাৰিফতত বাস কৰাগৈ; আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ।”
দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।
এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?