পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
1 ৰাজা 16:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল। |
পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।
পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
পাছত জখৰিয়াৰ বিৰুদ্ধে যাবেচৰ পুত্ৰ চল্লুমে চক্ৰান্ত কৰিলে আৰু লোকসকলৰ সন্মুখতে তেওঁক আঘাত কৰি বধ কৰিলে। তাৰ পাছত তেওঁৰ পদত নিজে ৰজা হ’ল।
যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”