এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।
1 ৰাজা 15:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল। |
এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।
যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।
তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
যিহোৱাই তোমাক এই কথা কৈছে: মই তোমালৈ অমঙ্গল ঘটাম আৰু তোমাক সম্পূৰ্ণৰূপে ধংস কৰিম আৰু তোমাৰ সম্বন্ধীয়া প্ৰতিজন পুৰুষক বা ইস্ৰায়েলৰ মাজত বন্দী বা মুক্ত অৱস্থাত থকা দুয়োকে উচ্ছন্ন কৰিম।