যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
1 ৰাজা 15:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল। |
যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।
কাৰণ আচাই যিহূদাক কৈছিল, “আহা, আমি এই নগৰ কেইখন সুসজ্জিত কৰোঁহক আৰু এইবোৰৰ চাৰিওফালে গড় আৰু কোঁঠ সাজোঁ, দুৱাৰ আৰু ডাং দিওঁ; দেশখন এতিয়ালৈকে আমাৰেই হৈ আছে, কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাক বিচাৰিলোঁ৷ আমি তেওঁক বিচৰিলোঁ আৰু তেওঁ সকলো ফালৰ পৰা আমাৰ ওপৰত শান্তি প্ৰদান কৰিলে।” এইদৰে তেওঁলোকে সেইবোৰ নগৰ সাজিলে আৰু কৃতকাৰ্য্যও হ’ল।
আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।