অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 ৰাজা 11:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল।

অধ্যায়টো চাওক



1 ৰাজা 11:3
12 পৰস্পৰ সংযোগসমূহ  

ৰহবিয়ামে তেওঁৰ সকলো পত্নী আৰু উপপত্নীৰ মাজত অবচালোমৰ জীয়েক মাখাক সকলোতকৈ ভাল পাইছিল কিয়নো তেওঁৰ ওঠৰ গৰাকী পত্নী আৰু ষাঠী গৰাকী উপপত্নী গ্ৰহণ কৰিছিল; আৰু আঠাইশজন পুতেক আৰু ষাঠিজন জীয়েকৰ পিতৃ হৈছিল৷


ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলা সকলে শুনি সেই দিনটো অতিক্রম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰী সকলক সেইদৰে ক’ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ’ব।


মই অনেক ৰূপ আৰু সোণ, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন-সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ; মোৰ কাৰণে অনেক গায়ক-গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল।


মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।


ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;


কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।


আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।


তেওঁলোকে সেই জাতিবোৰৰ ছোৱালীক বিয়া কৰিছিল আৰু নিজৰ ছোৱালীবোৰকো তেওঁলোকৰ ল’ৰাবোৰৰ সৈতে বিয়া দিছিল আৰু তেওঁলোকে সেইসকলৰ দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।


অবীমেলকে অফ্রাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।