হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
1 ৰাজা 11:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে মিদিয়নৰ পৰা ওলাই আহি পাৰণলৈ গৈছিল, এই ঠাইৰ পৰা তেওঁলোকে মানুহ লগত লৈ মিচৰলৈ গৈছিল আৰু পাছত মিচৰৰ ৰজা ফৰৌণৰ ওচৰলৈ গৈছিল৷ ৰজা ফৰৌণে তেওঁক এটা ঘৰ দিছিল, আৰু জীৱিকাৰ উপায় নিৰূপণ কৰি তেওঁক মাটিও দিছিল। |
হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
পাৰণ নামৰ এক মৰুপ্রান্তৰত তেওঁ বসতি কৰিবলৈ ধৰিলে; পাছত মিচৰ দেশৰ এজনী ছোৱালীক তেওঁৰ বাবে ভার্য্যা কৰি মাকে বিয়া পাতি দিলে।
মিদিয়নৰ সন্তান ঐফা, এফৰ, হনোক, অবীদা আৰু ইলদায়া। এই আটাইকেইজন আছিল সেই কটুৰাৰ বংশধৰ।
কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
তাতে হদদে ফৰৌণৰ আগত ইমান অধিক অনুগ্ৰহ পাইছিল যে, ফৰৌণে নিজ ভাৰ্য্যা ৰাণী তহপিনেচৰ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল।
ফৰৌণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মোচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰৌণৰ ওচৰৰ পৰা পলাই গ’ল, আৰু মিদিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল।
ঈশ্বৰ তৈমনৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; চেলা। তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিৱী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল।
তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।
হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়াসকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল।
কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”
পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
মোচিয়ে যৰ্দ্দন নদীৰ সিপাৰে মৰুভূমি অঞ্চলত সকলো ইস্ৰায়েলীয়াসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল। এফালে পাৰণ মৰুভূমি আৰু আনফালে তোফল,লাবন, হচেৰোত আৰু দী-জাহব নগৰবোৰৰ মাজত যর্দন নদীৰ উপত্যকাৰ সমথল ভূমিত তেওঁ এই বার্তা দিছিল।
তেওঁ ক’লে, যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।