তেওঁ সোণ পিটাই আকৌ তিনিশটা ঢাল যুগুত কৰিলে৷ সেই প্ৰত্যেকটো ঢালত তিনি মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিছিল।
1 ৰাজা 10:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল। |
তেওঁ সোণ পিটাই আকৌ তিনিশটা ঢাল যুগুত কৰিলে৷ সেই প্ৰত্যেকটো ঢালত তিনি মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিছিল।
সেই ছয়খাপৰ সিংহাসন খনৰ প্ৰতিটো খলপৰ দুই মূৰে এটা এটা কৈ বাৰ টা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনে আকৃতিৰ সিংহাসন আন কোনো ৰাজ্যত নাছিল।
সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।
তেওঁলোকক সোণৰ পিয়লাত পান কৰোঁৱা হৈছিল। প্রতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্ত্বতাৰ কাৰণে অধিক ৰাজকীয় দ্ৰাক্ষাৰস তেওঁলোকক দিয়া হৈছিল।
তূৰে নিজৰ বাবে দৃঢ় কোঁঠ সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দ’ম কৰিলে।
আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।