1 বংশা 7:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ জীয়েকৰ নাম আছিল চেৰা। চেৰাই ওপৰ আৰু তল বৈৎ-হোৰোণ আৰু উজ্জেন চেৰা নিৰ্ম্মাণ কৰিছিল। |
তেওঁ নিজৰ ভাৰ্য্যাৰ লগত শয়ন কৰিলে। তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁলোকৰ ঘৰত সেই সময়ত অমঙ্গল ঘটিছিল কাৰণে ইফ্ৰয়িমে তাৰ নাম ৰবীয়া ৰাখিলে।
ৰবীয়াৰ পুত্র আছিল ৰেফহ। ৰেফহৰ পুত্র আছিল ৰেচফ। ৰেচফৰ পুত্র আছিল তেলহ। তেলহৰ পুত্র আছিল তহন।
ইয়াৰ ওপৰিও তেওঁ উজনি বৈৎহোৰোণ আৰু নামনি বৈৎ-হোৰোণ পুনৰায় নিৰ্ম্মাণ কৰিলে; এই দুখন নগৰ গড়, দুৱাৰ আৰু ডাং থকা সুসজ্জিত নগৰ।
তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সাক্ষাতে তেওঁলোকক ব্যাকুল কৰাত ইস্ৰায়েলে গিবিয়োনত মহা-পৰাক্রমেৰে তেওঁলোকক সংহাৰ কৰিলে আৰু বৈৎ-হোৰোণলৈ উঠি যোৱা বাটেদি তেওঁলোকক খেদি নি, অজেকা আৰু মক্কেদালৈকে আঘাত কৰিলে।
তাৰ পৰা এই সীমা তললৈ নামি যফ্লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে,